গোৱালপাৰাত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰল আৰু ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতিবাদ
গোৱালপাৰাত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰল আৰু ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধি
:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোবালপাৰাতো আজি পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্না কাৰ্যসূচী ৰূপায়ন হয় । জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত ৰূপায়িত হয় এই ধৰ্না । ল'কডাউনৰ মাজতে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মূখত পথৰ ওপৰতে দেখা যায়
উত্তাল প্ৰতিবাদ । জিলা কংগ্ৰেছ কমিটিৰ সভাপতি আলহাজ আব্দুছ ছামাদ সৰকাৰৰ নেতৃত্বত হোৱা এই ধৰ্নাত চৰকাৰ বিৰোধী ধ্বনিৰে গোৱালপাৰা কঁপাই তুলিলে । কাৰ্যসূচীত অংশ লয় জিলাখনৰ দুই বিধায়ক এ কে ৰশিদ আলম আৰু আলহাজ আব্দুৰ ৰছিদ মণ্ডলসহ শতাধিক দলীয় নেতা কৰ্মী । নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অসম চৰকাৰ হায় -হায়, পেট্ৰল- ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, বি জে পি চৰকাৰ ব্যৰ্থ চৰকাৰ সৰ্বানন্দ সোনোৱাল হায় হায় আদি শ্লোগান দি প্ৰতিবাদী ধৰ্না কাৰ্যসূচী ৰূপায়িত হয় ।
(গোৱালপাৰাৰ পৰা কন্দৰ্প নাথৰ প্ৰতিবেদন)
realy
ReplyDelete