পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ*

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ* 

 _অভাৱনীয় ভাৱে হোৱা মূল্যবৃদ্ধিয়ে কুঙা কৰিছে জনতাক, গভীৰ নিদ্ৰাত চৰকাৰ_ 

৩০জুন, মৰিগাঁওঃ আজি পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্ব জিলা খনৰ সদৰ স্থানত এই কাৰ্যসূচী কৰে। পৰিষদৰ জিলা সমিতি সভাপতি আৰু সাধাৰণ সম্পাদকে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰি কয় যে অসমৰ ৰাইজে ১৫ বছৰীয়া কংগ্ৰেছৰ অপশাসন নিঃশেষ কৰি আস্থা আৰু বিশ্বাসেৰে‍ বিজেপি চৰকাৰ পাতিছিল। দিল্লীৰ লগতে দিছপুৰতো চৰকাৰ সলনি হল। অসমৰ ৰাইজৰ মুখত হাঁহি বিৰিঙিল। কিন্তু দিল্লী আৰু দিছপুৰৰ মন অসমৰ জনতাৰ প্ৰতি সলনি নহল। অতি দুৰ্ভাগ্যজনক বিষয় য়ে গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত এখন চৰকাৰ থকাৰ পিছতো এনে ধৰণে অভাৱনীয় ভাৱে সকলো ক্ষেত্ৰতে মূল্যবৃদ্ধিয়ে কুঙা কৰিছে জনতাক, গভীৰ নিদ্ৰাত চৰকাৰ। শেহতীয়াকৈ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক। এই পুত্তলিকা দাহ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰ চৰকাৰ ধিক্কাৰ দি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়। পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰক, বিজেপি চৰকাৰ হায়ঃ হায়ঃ শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তুলে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য, সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলম, ক্ৰীড়া সম্পাদক পাৰ্থ প্ৰতীম বৰদলৈ আৰু সদৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ফাৰুক হুছেইনক মৰিগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰ কমল শইকীয়ায়ে গ্ৰেপ্তাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে আটাইকেইজনকে শাৰীৰিক ভাৱে সুস্থ বুলি জনায়।

কৃষ্ণ কুমাৰ নাথৰ ৰিৰ্পট

Comments

Popular posts from this blog

শিৱসাগৰত গাঁঠিৰ ধন খৰছ কৰি ৰাইজে সাজিছে পথ*

গোৱালপাৰাত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰল আৰু ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতিবাদ