টাংনী নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰিছে খেতি পথাৰৰ লগতে দৰিদ্ৰ লোকৰ ঘৰ
টাংনী নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰিছে খেতি পথাৰৰ লগতে দৰিদ্ৰ লোকৰ ঘৰ
৩০ জুন,২০২৯, মঙ্গলদৈ: কেইবাদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে বৃহৎ ক্ষতি কৰিছে পূৱ মঙ্গলদৈ অঞ্চলত। দৰঙৰ সোমাজেদি যোৱা টাংনী নদীৰ গৰাখহনীয়াই ভাঙি নিছে দৰিদ্ৰ লোকৰ ঘৰ। টাংনী নদীৰ কাষতে থকা পশ্চিম ওজাগাওৰ এজন দৰিদ্ৰ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। টাংনী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত নদীৰমুখ,পশ্চিম ওজাগাও, আটাকাটা, ধনশিৰী আদি গাঁৱৰ শ শ বিঘা কৃষি ভুমি নষ্ট হৈ যায়। দীৰ্ঘদিন ধৰি টাংনী নদীৰ দুয়োপাৰে মথাউৰি নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল যদিও কানষাৰ নাই কোনো জনপ্ৰতিনীধিৰ।টাংনী নদীৰ গৰাখহনীয়াই ঘৰ বাৰি ভাঙি নিয়াৰ ফলত এতিয়া ভুমিহীন হৈ পৰিছে এই দৰিদ্ৰ পৰিয়ালটোৱে। ভুমিহীন হোৱা এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।
মঙ্গলদৈৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট
Comments
Post a Comment