ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ বৃহৎ সাফল্য ৰঙিয়া মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ দীপাংকৰ কলিতাৰ।
ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ বৃহৎ সাফল্য
ৰঙিয়া মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ দীপাংকৰ কলিতাৰ।
ৰঙিয়া, ৩০ জুন: পৰীক্ষাৰ ১০দিন আগত বিয়োগ হৈছিল মাতৃৰ।
বাণিজ্য শাখাত নামভৰ্তি কৰিবলৈ ইচ্ছা থকা স্বত্তেও ভয় কৰা ৰঙিয়াত অসমীয়া মাধ্যমৰ বহু ছাত্ৰ ছাত্ৰীৰ প্ৰেৰণাৰ উৎস হ'ল দীপাংকৰ।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আঠ নম্বৰৰ বাবে বিশেষ স্হান লাভ কৰিবলৈ সক্ষম নহ'ল যদিও ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ ছাত্ৰ দীপাংকৰ কলিতাই ৰঙিয়া মহকুমাৰ ভিতৰতে বাণিজ্য শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা কালি দীপাংকৰৰ ঘৰলৈ বহুজন জ্যেষ্ঠ শিক্ষিত ব্যক্তি যাওঁতে তেখেত সকলৰ কথোপকথনত দীপাংকৰে কয় ,মই মোৰ ফলাফল ত যথেষ্ট সুখী । পৰীক্ষাৰ ১০ দিন আগত মোৰ মাতৃৰ বিয়োগ হৈছিল।দুখ পাইছিলো যদিও মই মোৰ লক্ষ্য পাহৰা নাছিলোঁ। বাণিজ্য শাখাত নামভৰ্তি কৰা ক্ষেত্ৰত বিভিন্ন জনৰ বাধা পাইছিলো। মই বিচলিত হোৱা নাছিলোঁ মনতে স্হিৰ কৰিছিলোঁ, মই বাণিজ্য শাখাতে নামভৰ্তি কৰিম আৰু ৰঙিয়াতে পঢ়িম।তাৰ পিছত বিভিন্ন জনৰ পৰামৰ্শ মতে মই অভিজ্ঞান একাডেমীত নামভৰ্তি কৰিছিলোঁ।
তেওঁৰ এই সফলতাত পিতৃ আৰু প্ৰয়াত মাতৃ তথা পৰিয়াল বৰ্গ আৰু অভিজ্ঞান একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ অৱদান সৰ্বাধিক বুলি প্ৰকাশ কৰে। ভবিষ্যতে গুৱাহাটী কমাৰ্চ কলেজত নাম ভৰ্তি কৰিব বুলি দীপাংকৰ পৰা জানিব পৰা গৈছে।
Comments
Post a Comment