Posts

ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ বৃহৎ সাফল্য ৰঙিয়া মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ দীপাংকৰ কলিতাৰ।

Image
ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ বৃহৎ সাফল্য ৰঙিয়া মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ দীপাংকৰ কলিতাৰ। ৰঙিয়া, ৩০ জুন: পৰীক্ষাৰ ১০দিন আগত বিয়োগ হৈছিল মাতৃৰ।              বাণিজ্য শাখাত নামভৰ্তি কৰিবলৈ ইচ্ছা থকা স্বত্তেও ভয় কৰা ৰঙিয়াত অসমীয়া মাধ্যমৰ বহু ছাত্ৰ ছাত্ৰীৰ প্ৰেৰণাৰ উৎস হ'ল দীপাংকৰ।  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আঠ নম্বৰৰ বাবে বিশেষ স্হান লাভ কৰিবলৈ সক্ষম নহ'ল যদিও ৰঙিয়াৰ অভিজ্ঞান একাডেমীৰ ছাত্ৰ দীপাংকৰ কলিতাই ৰঙিয়া মহকুমাৰ ভিতৰতে বাণিজ্য শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা কালি দীপাংকৰৰ ঘৰলৈ বহুজন জ্যেষ্ঠ শিক্ষিত ব্যক্তি যাওঁতে তেখেত সকলৰ কথোপকথনত দীপাংকৰে কয় ,মই মোৰ ফলাফল ত যথেষ্ট সুখী । পৰীক্ষাৰ ১০ দিন আগত  মোৰ মাতৃৰ বিয়োগ হৈছিল।দুখ পাইছিলো যদিও মই মোৰ লক্ষ্য পাহৰা নাছিলোঁ। বাণিজ্য শাখাত নামভৰ্তি কৰা ক্ষেত্ৰত বিভিন্ন জনৰ বাধা পাইছিলো। মই বিচলিত হোৱা নাছিলোঁ মনতে স্হিৰ কৰিছিলোঁ, মই  বাণিজ্য শাখাতে নামভৰ্তি কৰিম আৰু ৰঙিয়াতে পঢ়িম।তাৰ পিছত বিভিন্ন জনৰ পৰামৰ্শ মতে মই অভিজ্ঞান একাডেমীত নামভৰ্তি কৰিছিলোঁ।      তেওঁৰ এই সফলতাত পিতৃ আৰু প্ৰয়াত মাতৃ তথা পৰিয

টাংনী নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰিছে খেতি পথাৰৰ লগতে দৰিদ্ৰ লোকৰ ঘৰ

Image
টাংনী নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰিছে খেতি পথাৰৰ লগতে দৰিদ্ৰ লোকৰ ঘৰ টাংনী নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰিছে খেতি পথাৰৰ লগতে দৰিদ্ৰ লোকৰ ঘৰ ৩০ জুন,২০২৯, মঙ্গলদৈ: কেইবাদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে বৃহৎ ক্ষতি কৰিছে পূৱ মঙ্গলদৈ অঞ্চলত। দৰঙৰ সোমাজেদি যোৱা টাংনী নদীৰ গৰাখহনীয়াই ভাঙি নিছে দৰিদ্ৰ লোকৰ ঘৰ। টাংনী নদীৰ কাষতে থকা পশ্চিম ওজাগাওৰ এজন দৰিদ্ৰ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। টাংনী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত নদীৰমুখ,পশ্চিম ওজাগাও, আটাকাটা, ধনশিৰী আদি গাঁৱৰ শ শ বিঘা কৃষি ভুমি নষ্ট হৈ যায়। দীৰ্ঘদিন ধৰি টাংনী নদীৰ দুয়োপাৰে মথাউৰি নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল যদিও কানষাৰ নাই কোনো জনপ্ৰতিনীধিৰ।টাংনী নদীৰ গৰাখহনীয়াই ঘৰ বাৰি ভাঙি নিয়াৰ ফলত এতিয়া ভুমিহীন হৈ পৰিছে এই দৰিদ্ৰ পৰিয়ালটোৱে। ভুমিহীন হোৱা এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। মঙ্গলদৈৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ*

Image
পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ মৰিগাঁৱত যুৱ-ছাত্ৰ পৰিষদৰ*   _অভাৱনীয় ভাৱে হোৱা মূল্যবৃদ্ধিয়ে কুঙা কৰিছে জনতাক, গভীৰ নিদ্ৰাত চৰকাৰ_  ৩০জুন, মৰিগাঁওঃ আজি পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰে। পৰিষদৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্ব জিলা খনৰ সদৰ স্থানত এই কাৰ্যসূচী কৰে। পৰিষদৰ জিলা সমিতি সভাপতি আৰু সাধাৰণ সম্পাদকে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰি কয় যে অসমৰ ৰাইজে ১৫ বছৰীয়া কংগ্ৰেছৰ অপশাসন নিঃশেষ কৰি আস্থা আৰু বিশ্বাসেৰে‍ বিজেপি চৰকাৰ পাতিছিল। দিল্লীৰ লগতে দিছপুৰতো চৰকাৰ সলনি হল। অসমৰ ৰাইজৰ মুখত হাঁহি বিৰিঙিল। কিন্তু দিল্লী আৰু দিছপুৰৰ মন অসমৰ জনতাৰ প্ৰতি সলনি নহল। অতি দুৰ্ভাগ্যজনক বিষয় য়ে গণ

শিৱসাগৰত গাঁঠিৰ ধন খৰছ কৰি ৰাইজে সাজিছে পথ*

Image
To শিৱসাগৰত গাঁঠিৰ ধন খৰছ কৰি ৰাইজে সাজিছে পথ * বাৰিষা যেতিয়া আহে, তেতিয়া শিৱসাগৰ জিলাৰ অন্তৰ্গত ,  চেঙেলীবাৰী, মাউৎ গাওঁ, কোচ গাওঁ,  খেলুৱা গাওঁ কে, ধৰি প্ৰায়  কুৰি খন গাঁৱৰ ৰাইজে একাঠু বুকাত জিয়াতো ভুগিব লগা হৈছে, নৈ দাঁতি কাষৰীয়া বৃহত্তৰ, বাঁহগড়ৰ মথাউৰি  মূল পথ হৈছে, নাজিৰা শিমলুগুৰি লাকুৱা,শিৱসাগৰলৈ যোৱাৰ এক মাত্র প্ৰথ,গাড়ী চলাচল কৰাতো  দূৰৰে কথা,খোজকঢ়িও যোৱাৰো এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে, বাৰে বাৰে চৰকাৰে আচ্ছাষ দিয়ে কিন্তু একেই খনি ছবিকে  দেখা পোৱা যায়, উপাই হিণ হৈ, সচেতন ব্যক্তি,ৰঞ্জন মহন্ত,আৰু গাওঁৰ উছৰ চুবুৰীয়া ৰাইজে  গাঁঠিৰ ধন খৰছ কৰি এই পথচোৱা শিল, ইটা দি, মেৰামতি কৰে,   ৰাইজৰ আৱেদন চৰকাৰে খুব কম সময়ৰ ভিতৰতে ,এই পথটো যাতায়তৰ সুবিধা  কৰে যেন,   শিৱসাগৰ  বেতবাৰীৰ পৰা মুকিব আলিৰ প্ৰতিবেদন,

পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট বিশ্বনাথ জিলা কংগ্ৰেছৰ ঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত ৷

Image
পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে  দুঘণ্টীয়া অৱস্থান ধৰ্মঘট বিশ্বনাথ জিলা কংগ্ৰেছৰ ঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত ৷ পেট্ৰল -ডিজেলৰ মূল্য  অভাৱনীয় ভাৱে বৃদ্ধি কৰাৰ প্ৰতিবাদত বিশ্বনাথ জিলা কংগ্ৰেছৰ দুই ঘণ্টীয়া  অৱস্থান ধৰ্মঘট । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্হিতিত বিজেপি গ'বেক ,নৰেন্দ্ৰ মোদি মুৰ্দাবাদ ,বিজেপি চৰকাৰ হুচিয়াৰ , সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ,সৰ্বানন্দ সোণোৱাল লেই লেই ছেই ছেই , ৰিপুন বৰা জিন্দবাদ ,আমাৰ সম্পদ আমাৰ অধিকাৰ ,অসম প্ৰদেশ কংগ্ৰেছ কমিটি জিন্দাবাদ ,বিশ্বনাথ জিলা কংগ্ৰেছ সমিতি  জিন্দাবাদ , মুল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল'গানদি অৱস্হান ধৰ্মঘটৰে চৰকাৰ বিৰোধী প্ৰতিবাদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l উল্লেখ্যযোগ্য যে ,নিখিল ভাৰত কংগ্রেছ কমিটিৰ নিৰ্দেশমৰ্মে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ দলে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কম হোৱা স্বত্তেও ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য দৈনিক বৃদ্ধিৰ প্ৰতিবাদত জিলাই জিলাই এক ধৰ্ণা কায্যসূচী গ্ৰহণ কৰিছে আৰু ইয়াৰ অংশ হিচাপে বিশ্বনাথ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত এই প

গোৱালপাৰাত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰল আৰু ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতিবাদ

Image
  গোৱালপাৰাত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰল আৰু ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধি     :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোবালপাৰাতো আজি পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্না কাৰ্যসূচী ৰূপায়ন হয় । জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত ৰূপায়িত হয় এই ধৰ্না । ল'কডাউনৰ মাজতে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মূখত পথৰ ওপৰতে দেখা যায়  উত্তাল প্ৰতিবাদ । জিলা কংগ্ৰেছ কমিটিৰ সভাপতি আলহাজ আব্দুছ ছামাদ সৰকাৰৰ নেতৃত্বত হোৱা এই ধৰ্নাত চৰকাৰ বিৰোধী ধ্বনিৰে গোৱালপাৰা কঁপাই তুলিলে । কাৰ্যসূচীত অংশ লয় জিলাখনৰ দুই বিধায়ক এ কে ৰশিদ আলম আৰু আলহাজ আব্দুৰ ৰছিদ মণ্ডলসহ শতাধিক দলীয় নেতা কৰ্মী । নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অসম চৰকাৰ হায় -হায়, পেট্ৰল- ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, বি জে পি চৰকাৰ ব্যৰ্থ চৰকাৰ সৰ্বানন্দ সোনোৱাল হায় হায় আদি শ্লোগান দি প্ৰতিবাদী ধৰ্না কাৰ্যসূচী ৰূপায়িত হয় । (গোৱালপাৰাৰ পৰা কন্দৰ্প নাথৰ প্ৰতিবেদন)